1 Thessalonians 1

পৌলে মণ্ডলী স্থাপন কৰাৰ পাছত, বেছি দিনলৈকে থিচলনীকীয়াত থাকিব পৰা নাছিল; সেয়ে তেওঁ পাছত তাত থকা বিশ্বাসী লোকসকলক উদগণি দিবলৈ এই পত্র লিখি পঠিয়াইছিল। এই পত্রত বহুতো বিষয় থকাৰ লগতে খ্রীষ্টীয় লোকসকলে কিদৰে জীৱন যাপন কৰিব লাগে, সেই বিষয়ে বিভিন্ন সাধাৰণ নিৰ্দেশনা জড়িত হৈ আছে। এই পত্ৰত পৌলে যীচু খ্রীষ্টৰ দ্বিতীয় আগমনৰ বিষয়ত গুৰুত্ব প্রদান কৰিছে। অৱশ্যে এই বিষয়ত থিচলনীকীয়া মণ্ডলীৰ বিশ্বাসী সকল বিশেষভাৱে আগ্রহী আছিল। ঈশ্বৰক সন্তুষ্ট কৰিবলৈ কি দৰে জীৱন যাপন কৰিব লাগে, সেই বিষয়ে প্রেৰণা যোগাবৰ বাবে যীচু খ্ৰীষ্টৰ দ্বিতীয় আগমনৰ ওপৰত পৌলে গুৰুত্ব প্রদান কৰিছে (5:6-8)।

চমু বিৱৰণঃ

  • পৌলে এই পত্রত মণ্ডলীক শুভেচ্ছা জনায় আৰু তেওঁলোকৰ বাবে ঈশ্বৰক ধন্যবাদ দি আৰম্ভ কৰিছে (1)।
  • তাৰ পাছত তেওঁৰ কাৰ্য আৰু তিমথীয়ই অনা বাতৰিৰ বিষয়ে ব্যখ্যা কৰিছে (2-3)।
  • পৰৱৰ্তী অংশত যীচু খ্রীষ্টৰ দ্বিতীয় আগমনৰ ভিত্তিত কিদৰে খ্রীষ্টীয় লোক সকলে জীৱন যাপন কৰিব লাগে সেই বিষয়ে পৌলে নিৰ্দেশনা দিছে (4:1, 5:15)।
  • পৌলে পুনৰ মণ্ডলীলৈ শুভেচ্ছা জনায় আৰু মণ্ডলীৰ প্রত্যেক লোকক পত্রখন পঢ়িবলৈ কৈ এই পত্রৰ সামৰণি কৰিছে (5:16-28)।

1মই পৌল, চীল আৰু তীমথিয়, পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টত থকা থিচলনীকীয়া সকলৰ মণ্ডলীৰ সমীপলৈ; অনুগ্ৰহ আৰু শান্তি আপোনালোকলৈ হওক।

2আমি সদায় প্ৰার্থনা কালত আপোনালোক সকলোৰে নাম সোঁৱৰণ কৰোঁ আৰু আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। 3আপোনালোকৰ বিশ্বাসৰ কাৰ্য, প্ৰেমৰ পৰিশ্ৰম আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টত যি আশা আছে, সেই আশাক দৃঢ়ভাবে আৰু ধৈৰ্যেৰে যে আপোনালোকে ধৰি ৰাখিছে, সেয়েহে এইবোৰ কথা সোঁৱৰণ কৰি নিৰন্তৰে আমি প্রার্থনাত পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰি আছোঁ।

4হে ঈশ্বৰৰ প্ৰিয় ভাই সকল, আপোনালোক যে মনোনীত লোক, সেই বিষয়ে আমি জানো; 5কাৰণ আমাৰ দ্বাৰা প্ৰচাৰিত শুভবাৰ্তা কেৱল কথাৰে আপোনালোকলৈ অহা নাছিল; কিন্তু পৰাক্ৰম, পবিত্ৰ আত্মা আৰু অধিক নিশ্চয়তাৰে আপোনালোকলৈ আহিছিল। তাতে আমি কেনে ধৰণৰ লোক, সেই বিষয়ে আপোনালোকৰ লগত থকাৰ সময়ত আপোনালোকে নিজে জানিছিল।

6বহু ক্লেশৰ মাজত পবিত্ৰ আত্মাই দিয়া আনন্দৰ সৈতে আপোনালোকে সেই শুভবার্তা গ্ৰহণ কৰি আমাৰ আৰু প্ৰভুৰ অনুকাৰী হ’ল। 7তাৰ ফলত আপোনালোক মাকিদনিয়া আৰু আখায়াত থকা সকলো বিশ্বাসী লোকলৈ আৰ্হি হৈছে।

8মাত্র মাকিদনিয়া
1:6 roman rovince
আৰু আখায়া
1:8 the name originally of a narrow strip of territory in greece
অঞ্চলতে যে আপোনালোকৰ পৰা প্ৰভুৰ বাক্য বিয়পি পৰিছে এনে নহয়, কিন্তু ঈশ্বৰৰ প্ৰতি আপোনালোকৰ যি বিশ্বাস, সেই বাৰ্তা সকলো ঠাইতে বিয়পি পৰিছে। এই বিষয়ে আমি একো কোৱাৰ প্ৰয়োজন নাই।
9কাৰণ লোক সকলে আমাক জনাইছে যে, আপোনালোকে কিদৰে আমাক গ্ৰহণ কৰিছিল আৰু কি ভাবে আপোনালোকে মূর্তি পূজাৰ পৰা ঘূৰি জীৱন্ত আৰু সত্য ঈশ্বৰৰ সেৱা কৰি আছে৷ ঈশ্বৰে যি পুত্রক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁ ঘূৰি অহালৈ স্বৰ্গত অপেক্ষাও কৰি আছে। সেই পুত্র যীচুৱেই আমাক আহিব লগা ক্রোধৰ পৰা উদ্ধাৰ কৰিব।

10

Copyright information for AsmULB